![]()
দল ভংগ নহয়, এইবাৰ প্ৰত্যক্ষভাবে শিবসেনা দখল কৰিবলৈ সক্রিয় হ’ল একনাথ শিন্ডে! গুৱাহাটীত বিজেপিৰ ‘জিম্মাত’ থকা শিন্ডেসহ ৩৪ জন ‘বিদ্রোহী’ বিধায়কে বুধবাৰে নিজকে ‘প্রকৃত শিবসেনা পৰিষদীয় দল’ বুলি দাবী কৰি পত্ৰ দিছে মহাৰাষ্ট্রৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰি আৰু উপাধ্যক্ষডে নিহাৰি সীতাৰাম জিৰওয়ালক।
আনহাতে, বুধবাৰে নিশা মুখ্যমন্ত্রী উদ্ধব থাকৰেই তেওঁৰ চৰকাৰী বাংলো এৰি দিয়াত মহাৰাষ্ট্রত ওলট-পালটৰ সম্ভাবনাক কেন্দ্ৰ কৰি নতুনকৈ জল্পনা আৰম্ভ হৈছে।
বিগত ফেব্রুৱাৰী মাহত নানা পাটোলে অধ্যক্ষ পদৰ পৰা ইস্তফা দি প্রদেশ কংগ্রেছৰ সভাপতি হোৱাৰ পিছৰ পৰা অস্থায়ীভাবে মহাৰাষ্ট্র বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত আছে এনচিপি বিধায়ক জিৰওয়াল।
তেওঁলৈ লেখা চিঠিত শিন্ডেকেই ‘শিবসেনা পৰিষদীয় দলৰ নেতা’ পদত বাহাল ৰখাৰ আবেদন জনাইছে বিদ্রোহী শিবিৰে। বিয়লি শিন্ডেই এটি বিবৃতিত কয়, ‘দল আৰু দলৰ কর্মীসকলক বচাবলৈ এনচিপি আৰু কংগ্রেছৰ সৈতে অস্বাভাবিক জোট এৰি অহাটো শিবসেনাৰ বাবে অপৰিহার্য আছিল।’













