
ভাৰতীয় চোৰাংচোৱা সংস্থাৰ শীৰ্ষ পদত জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক শুকুৰবাৰে নিযুক্তি প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় চোৰাংচোৱাৰ মুখ্য পদবীত আছিল অৰবিন্দ কুমাৰ। তেওঁৰ কাৰ্যকাল ৩০ জুনত অন্ত পৰিব।
তপন কুমাৰ ডেকাই চোৰাংচোৱাৰ সঞ্চালক পদত আগন্তুক দুবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিব। কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী নিৰ্দেশত এই কথা প্ৰকাশ।তপন কুমাৰ ডেকা হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ বেটচৰ আইপিএছ বিষয়া।












