ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

মৰিয়নিৰ ইটাভাটা শ্ৰমিকৰ তিনিজনীয়া পৰিয়ালক দাৰে ঘপিয়াই হত্যাঃ চাঞ্চল্যৰ সৃষ্টি:

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
June 25, 2022
Reading Time: 1 min read
A A
0
মৰিয়নিৰ ইটাভাটা শ্ৰমিকৰ তিনিজনীয়া পৰিয়ালক দাৰে ঘপিয়াই হত্যাঃ চাঞ্চল্যৰ সৃষ্টি:

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

মৰিয়নিৰ সমীপৰ নকছাৰীৰ খাটিসোনা নামে ঠাইত একেটা পৰিয়ালৰে তিনিজনকৈ লোকক ঘপিয়াই এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মৰিয়নিৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত খাটিসোনা অঞ্চলৰ এটা ইটাভাটাৰ শ্ৰমিকৰ আৱাসগৃহত থকা তিনিজনীয়া এটা পৰিয়ালক দাৰে ঘপিয়াই হত্যা কৰে।

ঘপিয়াই হত্যাঃহত্যাৰ বলি হোৱা পৰিয়ালটো সদস্য কেইজন ক্ৰমে সোনটি বৰা (৫০), তেওঁৰ পত্নী তুলু বৰা(৪৫)আৰু জীয়ৰী মনালিছা বৰা (২৩ ) বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

যোৱা ৰাতি হোৱা প্ৰবল বৰষুণৰ সময়তে এই হত্যাকাণ্ড সংঘটিত হোৱা সন্দেহ কৰিছে আৰক্ষীয়ে। আজি পুৱা স্থানীয় কিশোৰে মাছ ধৰিবলৈ আহোতে মৃতদেহ কেইটা প্ৰত্যক্ষ কৰে আৰু তাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। মহিলা আৰু যুৱতী দুগৰাকী অৰ্ধ উলংগ অৱস্থাত আছিল।

ঘপিয়াই হত্যাঃমৃতদেহকেইটাৰ শৰীৰৰ কেবাঠাইটো দাৰে ঘপিওৱাৰ সুস্পষ্ট দাগ আছে। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে সকলো পোহৰলৈ আহিব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। পিছত তিতাবৰৰ দণ্ডাধীশ ডাঃ বিশ্বজিত বৰাৰ উপস্থিতিত মৃতদেহ কেইটা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেললৈ প্ৰেৰণ কৰে ।

ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুখনকৈ চোকা দা, এটা ট’ৰ্চ লাইট, এটা বেগ, এটা চোলাকে ধৰি কেবাটাও সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মৃত্যু হোৱা মহিলা গৰাকীক ঘৰৰ বাহিৰত হত্যা কৰা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।

জানিব পৰা মতে, এই খাটিসোনা অঞ্চলৰ জে বি এফ নামৰ ইটাভাটাটোৰ শ্ৰমিকৰ অস্থায়ী ঘৰত সোনটি বৰাৰ তিনিজনীয়া পৰিয়ালটোৱে বাস কৰিছিল । পূৰ্বতে ঘটনাস্থলীৰ পৰা কেইকিলোমিটাৰ মান আঁ‌তৰৰ আন এডোখৰ ঠাইত থকা পৰিয়ালটোৱে প্ৰায় এমাহমানৰ পূৰ্বেহে এই ঠাইত আহি থাকিবলৈ লৈছিল ।

সম্প্ৰতি বিশ্বজিত ফুকন নামৰ এজন লোকৰ তত্বাৱধনাত উক্ত ইটাভাটাটো আছে যদিও স্থানীয় দুজনমান যুৱকেহে ইটাভাটাটো চোৱা চিতা কৰে বুলি স্থানীয় লোকে জানিবলৈ দিছে । ইটা ভাটাতেই শ্ৰমিক হিচাপে কাম কৰা সোনটি বৰাৰ ঘৰ লক্ষীমপুৰত । বৰ্তমান ইটা ভাটাসমূহ বন্ধ হৈ থকাৰ বাবে ভঙা চিঙা লোহা আদি কিনা বেচা কাম কৰিছিল সোনটি বৰাই ।

আজি ঘটনাস্থলীত যোৰহাটৰ আৰক্ষী অধীক্ষক মহনলাল মীনা, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া গায়ত্ৰী ডেকা, মৰিয়নি আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰবিন্দ ঘোষ আদি আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে অনুসন্ধান আৰম্ভ কৰে।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ অন্তত হত্যাকাৰীৰ সন্ধান পোৱা বুলি জানিবলৈ দিছে । আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ভেলেউগুৰি অঞ্চলৰ এজন ব্যক্তি এই হত্যাকাণ্ডত জড়িত আছে। ব্যক্তিজন মৎস্য ব্যৱসায়ৰ সৈতেও জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে। অৱশ্যে ঘটনাৰ তদন্তৰ খাতিৰত আৰক্ষীয়ে অধিক তথ্য দিবলৈ অস্বীকাৰ কৰে ।

তাৰোপৰি আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত হত্যাকাৰী অনুসন্ধান কৰে। আৰক্ষীৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰটোৱে ঘটনাস্থলীৰ পৰা কেই কিলোমিটাৰ মান আঁ‌তৰত থকা ভেলেউগুৰি অঞ্চললৈ যায় যদিও নিমাতী চাৰি নামৰ ঠাইডোখৰৰ পৰা আগবাঢ়ি যোৱা পৰিলক্ষিত নহ’ল। আজিৰ এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটোৱে অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Tags: ইটাভাটা শ্ৰমিকৰ তিনিজনীয়া পৰিয়ালক দাৰে ঘপিয়াই হত্যাঃ
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx