
সোমবাৰে নিশা বোকাজান ৰেল আৰক্ষীয়ে ৰেলত তালাচী চলাই বুজন পৰিমানৰ ড্ৰাগছ সহ এক মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান ৰেʼল আৰক্ষীৰ এটা দলে উজনিমুৱা পেচেঞ্জাৰ ৰেলখনত এক তালাচী অভিযান চলাই বোকাজানৰ পৰা ফৰকাটিঙৰ মাজত উজনিমুৱা পেচেঞ্জাৰ ৰেলখনৰ বিকলাংগৰ বাবে থকা বিশেষ ডবাত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ পৰা ২০ টা চাবোনৰ বাকচত মুঠ ২৩২ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে সৰবৰাহৰ সৈতে তিনিচুকীয়া জিলাৰ ফিলনবাৰী চাহবাগিচাৰ বাসিন্দা হেমা দেৱী চেত্ৰী (৫৫) নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় এককোটিৰো অধিক হব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে।












