
ডিফু চৰকাৰী কলেজত আজি wwf য়ে প্ৰকৃতি আৰু সংস্কৃতি সংৰক্ষণ বিষয়ক এক আলোচনা চক্ৰৰ আয়োজন কৰে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতীয়ে মূল বক্তা ৰূপে অংশগ্ৰহণ কৰা আলোচনা চক্ৰখন আনুষ্ঠানিক ভাৱে মুকলি কৰে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰধান সচিব মুকুুল কুমাৰ শইকীয়াই ৷
ড° ভাগৱতীয়ে প্ৰকৃতি আৰু সংস্কৃতিৰ একাত্মাতা উদাহৰণ সহ ব্যাখ্যা কৰি সকলোকে প্ৰকৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি অহাৰ আহৱান জনায়৷
কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ বন বিভাগৰ প্ৰধান বন সংৰক্ষক বিপিন চন্দ্ৰ বানচাল , অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক আতুক কিৰি ইংতি, ডিফু কলেজৰ অধ্যক্ষ তাদো তাৰ’পী , এভাৰেষ্ট বিজয়ী খৰছিং তেৰাং , প্ৰকৃতি প্ৰেমী অতনু দে প্ৰমুখ্যে ব্যক্তি সকলে আলোচনাত অংশগ্ৰহণ কৰি ছাত্ৰছাত্ৰী সকলক প্ৰকৃতি সংৰক্ষণত অন্তকৰণে জড়িত হোৱাৰ আহৱান জনায় ৷













