![]()
বুধবাৰে নিশা পদত্যাগ কৰে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেয়ে। এতিয়া সমগ্ৰ মহাৰাষ্ট্ৰজুৰি এটাই চৰ্চা, এইবাৰ একনাথ শিন্দেৰ নেতৃত্বত বিদ্রোহী শিৱসেনা বিধায়কসকল বৃহস্পতিবাৰে পুৱা বৈঠকত বহিব। তাৰপিছত বিদ্রোহী শিৱসেনা বিধায়কসকলে দেখা কৰিব পাৰে ৰাজ্যপাল ভগৎ সিং কোশিয়াৰিক।
মহা বিকাশ আঘাড়ি চৰকাৰৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ ৩১ মাহৰ যাত্রা শেষ। সূত্রৰ খবৰ মতে, বিজেপিয়ে এতিয়ালৈকে নতুন চৰকাৰ গঠন কৰাৰ দাবী জোনোৱা নাই। কিন্তু গেৰুৱা শিবিৰৰ নেতা গিৰীশ মহাজনৰ দাবী, ১৭০ জন বিধায়কৰ সমর্থন আছে তেওঁৰ লগত । আগন্তুক তিনদিনৰ ভিতৰত চৰকাৰ গঠন কৰিব তেওঁলোকে।
প্রাক্তন মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিশে মঙ্গলবাৰে সন্ধিয়া সাক্ষাৎ কৰে ৰাজ্যপালক । মহাৰাষ্ট্র বিজেপিয়ে ফড়নবিশৰ এটি ভিডিও প্রকাশ কৰিছে। উক্ত ভিডিওটোত মাৰাঠি ভাষাত ফড়নবিশক কোৱা শুনা গৈছে, ‘নতুন মহাৰাষ্ট্র গঢ়াৰ লক্ষ্যত আমি পুনৰ আহিছো। জয় মহাৰাষ্ট্র।’ সূত্রৰ খবৰ মতে, মহাৰাষ্ট্রৰ পৰবর্তী মুখ্যমন্ত্রী হ’বলৈ গৈ আছে ফড়নবিশ।
উপ মুখ্যমন্ত্ৰী হ’ব একনাথ শিন্দে। আনহাতে, মহাৰাষ্ট্রৰ বিজেপি প্রধান চন্দ্রকান্ত পাটিলে পুনৰ বিদ্রোহী শিৱসেনা বিধায়কসকলক বৃহস্পতিবাৰে মুম্বাইলৈ অহাৰ কথাটো বাৰণ কৰিছে। তেওঁ নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিনাই বিদ্রোহীসকলক আহিবলৈ কয়।













