
আজি পুৱাৰ ভাগত ডিফুৰ খৰছিং তেৰাঙ পথৰ আছাম অইলৰ পেট্ৰ’ল ডিপোৰ কাষত শৰীৰ চৰ্চাৰ বাবে ‘থং নকবে ফিটনেছ জীম’ নামেৰে এক শৰীৰ চৰ্চা কেন্দ্ৰৰ শুভ উদ্ধোধন কৰা হয় ৷ অল আচাম টাগ অফ ৱাৰৰ সভাপতি ষ্টেলিন ইংতিয়ে ফিতাকাটি শৰীৰ চৰ্চা কেন্দ্ৰটিৰ শুভ উদ্ধোধন কৰে ৷
শৰীৰ চৰ্চা কেন্দ্ৰটিত শৰীৰ চৰ্চাৰ যাৱতীয় অত্যাধুনিক সা-সৰঞ্জাম উপলব্ধ আছে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ‘থং নকবে ফিটনেছ জীম’কেন্দ্ৰৰ স্বত্তাধিকাৰী মুক্তি শ্যামে কয়যে বৰ্তমান সময়ত নৱ প্ৰজন্ম বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ প্ৰতি আসক্তি হোৱালৈ লক্ষ্য কৰি যুৱক -যুৱতী সকলক শাৰীৰিকভাবে সক্ষম কৰিবলৈ এই শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰা হৈছে বুলি কয় ৷
উক্ত কীৰ্যসূচীৰ লগত সংগতি ৰাখি শৰীৰ চৰ্চা কেন্দ্ৰটিৰ স্বত্বাধিকাৰীয়ে ৰাজ্যিক ৱেট লিফটাৰ খেলুৱৈদ্বয় মুকুট বৰা আৰু দীপাংশু বৰাক সম্বৰ্ধনা জনায় ৷ উক্ত অনুষ্ঠানত চৰকাৰী গাওঁবুঢ়া সহ আন কেইবাগৰাকী গণ্যমান্য ব্যক্তিও উপস্থিত থাকে ৷













