![]()
ত্ৰয়োকাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন হোৱাৰ পিছতে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে উচ্ছেদ অভিযান ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে উচ্ছেদ অভিযান ৷
ডিফু -লামডিং পথৰ চাৰি কিলোৰ ৰংপাংথিৰ গাঁৱত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু আৰক্ষী- চিআৰপিএফৰ আৰু বনবিভাগৰ বৃহৎ বাহিনীৰ সহযোগত উচ্ছেদ অভিযান চলোৱা হয় ৷
বালিৰাম তেৰাঙ ৰাজহ গাঁৱৰ অন্তৰ্গত ৰংপাংথিৰ গাঁৱত চলিছে উচ্ছেদ ৷
২০১২ চনৰ পৰাই প্ৰায় ২৫ বিঘা মাটিত ৩৫ টা জনজাতিয় পৰিয়ালে ৰংপাংথিৰত চেৰিকালচাৰ বিভাগৰ মাটিত বসতি স্থাপন কৰিছিল ৷ পিছলৈ উক্ত ২৫ বিঘা ভূমি ডিফু ন্যায়িক আদালত নিৰ্মান কৰাৰ বাবে আবণ্টন দিয়া হৈছিল ৷
উক্ত স্থানত বেদখলমুক্ত কৰিবলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ WP(C)/722/2022 নিৰ্দেশনা মৰ্মে ৰংপাংথিৰ গাঁৱৰ অবৈধ বেদখলকাৰীলৈ জাননী জাৰি কৰিছিল ৷ সেই মৰ্মেই আজি পুৱাৰে পৰা বৃহৎ নিৰাপত্তাৰক্ষীলৈ উক্ত স্থানত পৰিষদে উচ্ছেদ অভিযান চলায় ৷ এইলৈ উৎসৱস্থলীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷
কণ কণ শিশুৰ পৰা আবাল বদ্ধ বণিতালৈকে উচ্ছেদ থলীত হাতে হাতে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে ‘মানৱতাৰ খাতিৰত উচ্ছেদ নকৰিব, বিজেপি গ’ বেক আদি শ্লাগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
উক্ত উচ্ছেদ কাৰ্যত গাওঁবাসীয়ে প্ৰথমতে বাধা প্ৰদান কৰিছিল আৰু আৰক্ষীৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হৈছিল যদিও পিছলৈ উচ্ছেদিত সকলে নিজে নিজে ঘৰৰ টিনপাত আৰু আঁচ-বাব আঁতৰাই নিয়া পৰিলক্ষিত হয় ৷ উচ্ছেদ স্থলীত দণ্ডাধীশ গুঞ্জন শৰ্মা উপস্থিত থাকে ৷












