
আজি বিয়লি ডিফুত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত ডেনগাঁৱৰ এজন লোকলোক নিহত হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি বিয়লি প্ৰায় ১-৪৫ মান বজাত ডিফুৰ পৰা লামডিং অভিমুখে গৈ থকা এএছ ০২ চিচি ১৭৬৫ নম্বৰৰ ডিআই ট্ৰাকখনৰ সৈতে ডিফু অভিমুখে আহি থকা এএছ ০১ জেদ ৪৬৬৬ নম্বৰৰ মটৰ চাইকেলখনৰ সৈতে ডিফু লামডিং পথৰ ডিফু টাউন প্ৰাইমেৰী স্কুলৰ সন্মূখত মুখামুখি সংঘৰ্ষ হয় মটৰ চাইকেল চৈলকজন গুৰুতৰ বাবে আহত হয় ৷
আহত লোক জনক তৎক্ষণাত ডিফু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও লোক জনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ মৃত লোকজনক ডকমকা থানা এলেকাৰ ডেনগাঁৱৰ ছান্দিং বে’ গাওঁ নিৱাসী মৃত কানিয়া ৰংপিৰ পুত্ৰ ৪৩ বছৰীয় ৰতন ৰংপি বুলি চিনাক্ত কৰা হৈছে৷













