
আজি ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মূখত ষষ্ঠ অনুসূচী অনুসৰু পুণৰ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই সজাগতামূলক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ত্ৰয়োদশ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাপ্তহৈ ডাঃ তুলিৰাম ৰংহাঙ নেতৃত্বাধীন ত্ৰয়োদশ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন হোৱাৰ পিছত জিলা খনৰ প্ৰধান বিৰোধী আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ মাজত অব্যাহত আছে চৰম অসন্তুষ্টি ৷
এইলৈ ডিফুৰ ৰাজপথত আজি এপিএইছএলচিৰ প্ৰায় দহ সহস্ৰাধিক প্ৰতিবাদ কাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এপিএইছএলচিৰ মৰ্থক সকলে এপিএইছএলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰৰ নেতৃত্বত ডিফু চহৰৰ মাজেৰে সমদল উলিয়ায় ৷ সমদলৰ বাবে ডিফু চহৰত বৃহত সংখ্যক আৰক্ষী, বেটালিয়ান, কামাণ্ডো আৰু চিআৰপি এফৰ জোৱান মোতায়ন কৰা হয় ৷
প্ৰতিবাদকাৰী সকলে সদ্য সমাপ্ত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা দিয়াৰ লগতে ত্ৰয়োদশ KAAC নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছে এপিএইছএলচিৰ নেতা সকলে ৷প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড বেনাৰ, ফেষ্টুণ আদিলৈ উত্তাল প্ৰতিবাদসাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী সকলে ‘ন অট’নমাছ ষ্টেট, ন’ ৰেষ্ট, বংগ সেনা গ’ বেক, বিজেপি গ’ বেক, জেআই কাথাৰ জিন্দাবাদ, পুণৰ নিৰ্বাচন অনুষ্ঠিত কৰক, ছিক্সথ ছ্যেডুল লং লীভ ইয়াৰোপৰি গণতন্ত্ৰৰ হত্যাকাৰী বিজেপি, আমাৰ ভৱিষ্যত বিক্ৰি কৰিলে, সত্যটো অপৰাধ নহয় ‘ শ্লগানেৰে ডিফুৰ পৰা আকাশ বতাহ কঁপাই তোলে ৷
আনহাতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে কয়যে, সদ্য সমাপ্ত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সম্পূৰ্ণ অবৈধ ৷ পঞ্চায়তীৰাজ মতে অনুষ্ঠিত কৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অপৰিপন্থী ৷
আনহাতে সদ্য সমাপ্ত KAAC নিৰ্বাচনত বিজেপিয়ে ব্যাপক হাৰত ৰেগিং সংঘটিত কৰিছে ৷ সেয়ে পুণৰ KAAC নিৰ্বাচন পুণৰ অনুষ্ঠিত কৰাৰ বাবে দাবী জনাইছে ৷ ইয়াৰোপৰি এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতি কাথাৰক ২০২১ ৰ এক জোৰ সমদলত অংশ গ্ৰহণ কৰাকলৈ গ্ৰেপ্তাৰ কৰিছে ৷
আচলতে উক্ত জোঁৰ সমদলত আংতং ইংতি কাথাৰ অংশ গ্ৰহণ কৰা নাছিল ৷ আচলতে আৰক্ষীয়ে গছৰ মূঢ়াক পেলাব নোৱাৰি কলগছকহে পেলালে বুলি কটাক্ষ কৰে ৷ উল্লেখযোগ্যযে বৃহৎ সংখ্যক সমাগমক কেন্দ্ৰ কৰি ডিফু চহৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল যদিও প্ৰতিবাদী কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সামৰণি পৰে ৷












