![]()
ডিমা হাছাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাইবঙৰ সমীপত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা ডিমা হাছাও জিলালৈ দুজন যুৱক বাইকেৰে গৈ থকা অৱস্থাত মাইবং দিশৰ পৰা অহা আন এখন বাইকেৰে মুখামুখি সংঘৰ্ষ হয় ।
ফলত দুয়োখন বাইকৰ চাৰিজন গুৰুতৰভাৱে আহত হয়। পিছত যুৱককেইজনক অতি সংকটজনক অৱস্থাত হাফলং স্থিত চিকিৎসালয়লৈ নিয়া হয় যদিও তিনি যুৱক ক্ৰমে খনিত লাংথাছা, ১৮ বছৰ, ৰিয়াধ ডিফুছা- ১৮ বছৰ আৰু লেটখলিয়েন হুভোম-২২ বছৰ ক চিকিৎসকে মৃত ঘোষণা কৰে । আনহাতে দুৰ্ঘটনাটোত ষ্টিফেন এই হৱলাই নামৰ যুৱকজন সংকটজনক অৱস্থাত চিকিৎসা প্ৰদান কৰা হৈছে ।













