![]()
আজি নগাঁৱৰ ননৈত এজন ছাত্ৰৰ পানীত ডুবি মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে। জানিব পৰা মতে,দিনৰ প্ৰায় ১১ মান বজাত ননৈ পানীগাঁৱৰ ৫ গৰাকী ছাত্ৰই ননৈ নদীত মাছ মাৰিবলৈ যাওঁতেই তিনি জনে মাছ মৰাৰ বাবে জাল পতা কামত ব্যস্ত থকাৰ সময়তে দুজন ভূৰত উঠে।
ভূৰত উঠি কিছুদুৰ যোৱাৰ পিছতে ভূৰখন উলটি যোৱাত ছাত্ৰ দুজন পানীত পৰি যায়। এই দৃশ্য প্ৰত্যক্ষ কৰি আন তিনি জন ছাত্ৰই তেওঁলোকক উদ্ধাৰৰ চেষ্টা কৰে যদিও এজনকহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু আনজনক উদ্ধাৰ কৰিব নোৱাৰে। এই খবৰ বিয়পি পৰাৰ লগে লগে ননৈৰ নৈৰ পাৰত বহু লোক সমবেত হয় আৰু হুৱা দুৱাৰ সৃষ্টি হয়।













