
এগৰাকী মহিলাৰ দ্বাৰা ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ শিৱসাগৰ জিলাৰ আমগুৰিৰ শিখা শইকীয়া নামৰ স্বাস্থ্যকৰ্মীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।বিগত ২৩ জুনত আমগুৰি ঘাটৰ দলঙৰ ওপৰত নিজৰ স্কুটিখন ৰখাই থৈ দিখৌৰ বুকুত জঁপিয়াই ৰহস্যজনকভাৱে আত্মহত্যা কৰিছিল এটি সন্তানৰ মাতৃ স্বাস্থ্যকৰ্মী শিখা শইকীয়াই।
ইফালে শিখাৰ মৃত্যুৰ পিছতে তেওঁৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এখন চুইছাইড নোট। এই চুইছাইড নোটত শিৱসাগৰৰ লালীম গাঁৱৰ নিৱাসী নিৰীক্ষিত গগৈ আৰু ডেইজী ৰাভা গগৈ নামৰ দম্পতীহলৰ দ্বাৰা ৰাজহুৱা অপদস্থৰ বলি হৈ মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰা হৈছিল।
মৃত শিখাৰ এই চুইছাইড নোটৰ ভিত্তিতেই অৱশেষত আৰক্ষীয়ে অভিযান চলাই আটক কৰে দম্পতীহালক।২৪ জুনৰ পৰা পলাতক হৈ থকা নীৰিক্ষিত গগৈ আৰু ডেইজী ৰাভা গগৈক তিনিচুকীয়াৰ পৰা আটক কৰে আৰক্ষীয়ে।বৰ্তমান গগৈ দম্পতীকক শিৱসাগৰ সদৰ থানাত আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, জয়সাগৰৰ পংকজ গায়ন নামে এজন যুৱকৰ সৈতে শিখা বিবাহপাশত আবদ্ধ হয় যদিও এটি পুত্ৰ সন্তান জন্মৰ পিছতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে। কালুগাঁৱৰ উপ-স্বাস্থ্যকেন্দ্ৰৰ কৰ্মচাৰী শিখা শইকীয়াৰ পিতৃ অপূৰ্ব শইকীয়াইও ১৫ বছৰ পূৰ্বে আমগুৰি ঘাটৰ দিখৌ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল।













