![]()
কেৰালাৰ কুন্নুৰ জিলাৰ মাট্টান্নুৰৰ কাছিমক্কুত সংঘটিত এক বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অসমৰ বৰপেটাৰেই দুই পিতা-পুত্ৰই। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ভঙা-ছিঙা সামগ্ৰী সংগ্ৰহৰ ব্যৱসায়ৰে জড়িত বৰপেটা জিলাৰ নিবাসী পিতা-পুত্ৰই মৃত্যুক সাৱটি লয়।
খবৰ অনুসৰি, এই বিস্ফোৰণত সেই অঞ্চলটোত ভাড়াতীয়া হিচাবে আছিল অসমৰ এই দুই পিতা-পুত্ৰ। নিহত দুয়োজন হৈছে ক্ৰমে ফজল হক (৪৫) আৰু তেওঁৰ পুত্ৰ চাহিদুল হক (২২) বুলি চিনাক্ত কৰা হৈছে। বাতৰি অনুসৰি, বিস্ফোৰণৰ ফলত ফজল হকৰ ঘটনাস্থলীতে মৃত্যু ঘটে যদিও চাহিদুল হকক হাস্পতাললৈ নি থকাৰ পথতে মৃত্যু ঘটে।
বুধবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত বিস্ফোৰণ ঘটা বোমাটো এটা ষ্টীল বোমা আছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত কেৰেলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।












