
গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ’ছিয়েচনৰ উদ্যোগত ডিফু কাছা খেল পথাৰত চলি থকা ‘এ’ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত আজিৰ খেলত কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচি বিজয়ী হয় ৷
কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিয়ে অতি সুন্দৰ খেল প্ৰদৰ্শন কৰি খেলৰ শেষলৈকে নিজৰ আধিপাত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় আৰু প্ৰতিপক্ষ দল ডিফু এফচিক ৮-১ গ’লৰ ব্যৱধানত পৰাজি় কৰি বিজয় সাব্যস্ত কৰে ৷ খেলখন পৰিচালনা কৰে আৰৱিনচন কিলিঙে ৷
তেওঁক লাইনত সহায় কৰে ক্ৰমে, বিজয় ৰংহাঙ আৰু হনছিং কিলিঙে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত থাকে কনটেনছন হাঞ্চে ৷













