![]()
সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক ডিফু থানা এলেকাৰ হৰিলালবস্তি আৰু ৰংনিহান পথাৰ গাওঁৰক্ষী বাহিনীৰ যৌথ উদ্যোগত শুকুৰবাৰে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
ডিফু হৰিলাল বস্তি স্থিত আব্দুল মতিন তালুকদাৰৰ বাসগৃহত ডিফুৰ সচেতন যুৱক আকিব আহমেদে আঁত ধৰা আৰু নুৰুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত সভাথনত ডিফু চহৰৰ বিভিন্ন ঠাইৰ তেত্ৰিছ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলৰ থোপা, অসমীয়া গামোছা, অভিধান, সম্বৰ্ধনা পত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয় ৷
গাম্ঙীৰ্যপূৰ্ণ সভাখনত মুখ্য অতিথি হিছাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা কুন্তিলা ৰংহাঙপীয়ে কয়যে, ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ কেৰিয়াৰ বাছি লোৱা বা শৈক্ষিক জীৱনৰ যি কোনো সিদ্ধান্ত লওঁতে পিতৃ-মাতৃৰ পৰামৰ্শ লোৱাটো অতি কৈ বাঞ্ছনীয় ৷
মুখস্থ বিদ্যাতকৈ নিজে বনাই লিথা গুণ থাকিলে পৰীক্ষাত অধিক সফলতা লাভ কৰিব লাগে বুলি মন্তব্য কৰে ৰংহাঙপীয়ে ৷ নিৰ্দিষ্ট বক্তা হিছাপে আমন্ত্ৰণ কৰি অনা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই কয়যে, জীৱনত সফলতাৰ বাবে কোনো চমু বাট নাই, সফলতা পাবলৈ হলে জীৱনত কঠোৰ শ্ৰম কৰিব লাগিবই ৷ ছাত্ৰ-ছাত্ৰী সকলে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবৰ বাবে চেষ্টা কৰিব লাগে ৷
জীৱনৰ ৰঙীণ সপোনবোৰ বাস্তবায়ত কৰাৰ বাবে সংকল্পবদ্ধ হব লাগে ৷ নেলচন মেণ্ডেলাৰ উদ্ধৃতি দি জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে কয়যে, সমাজ পৰিৱৰ্তন বা বিকশিত কৰিবলৈ হলে শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব লাগিব ৷ সন্মানীয় অতিথি হিচাপে ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন শিক্ষক মজাহাৰুল ইছলামে গুণগত শিক্ষাৰ মাণদণ্ডৰ লগতে শিক্ষাৰ সকলো দিশ সাঙুৰি মনোজ্ঞ আৰু বিস্তৃত বাখ্যৈ দাঙি ধৰে ৷
কঠোৰ পৰিশ্ৰম কৰি জীৱনৰ গন্তব্য স্থানত উপণীত হবলৈও ইছলামে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলকনীতি শিক্ষা প্ৰদান কৰে ৷ আনহাতে ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙে নিজৰলবহুমূলীয়া ভাষণ প্ৰসংগত হৰিলালবস্তি আৰু ৰংনিহান পথাৰ গাওঁৰক্ষী বাহিনীৰ লোকে প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত কৰা এনে ধৰণৰ সম্বৰ্ধনা অনুষ্ঠানে তেওঁক আপ্লুত কৰিছে বুলি কয় ৷
সম্বৰ্ধনা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সাংবাদিক ছাইদু ইছলামে তৃণমূল পৰ্যায়ৰ পৰাই আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে শলাগ লোৱাৰ লগতে হৰিলাল বস্তি আৰু ভিডিপিৰ বষয়ববীয়া সকল ক্ৰমে, আব্দুল মতিন তালুকদাৰ ,তাজেল হক বৰলষ্কৰ, নুৰুল আমিন আৰু প্ৰজেশ টকবী আৰু গোলাৱ খান লগতে স্থানীয় সচেতন ব্যক্তি আব্দুল কৰিমকো প্ৰশংসা কৰে ৷
ইয়াৰোপৰি সম্বৰ্ধনা অনুষ্ঠানটোত সভাৰ সভাপতি নুৰুল ইছলাম, জ্যেষ্ঠ সাংবাদিক ছুহন প্ৰসাদ মাহাতু, কেএছএ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি পল তেৰাঙ আৰু কেএছএৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মণিৰাম টেৰণ, ভিডিপি ডিফু থানা কমিটিৰ সভাপতি হেমাৰী তিমুঙ, উপ উপদেষ্টা কুমছিং টেৰণেও শিক্ষাৰ ওপৰত গঠন মূলক আৰু বহুমূলীয়া বক্তব্য প্ৰদান কৰে ৷ শলাগৰ শৰাই আগবঢ়ায় ডিফু মছজিদ কমিটিৰ সহকাৰী সম্পাদক ৰাজীৱউদ্দিন আহমেদে ৷












