কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা।এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে এই সফলতা লাভ কৰিছে আৰক্ষীয়ে।কামৰূপ আৰক্ষীৰ অভিযানত চাংসাৰিত জব্দ হৈছে প্ৰায় ৭ কোটি টকা মূল্যৰ ড্ৰাগছ।
এই নিচাজাতীয় ড্ৰাগছ আদি সামগ্ৰী সমূহ আনিছিল এখন ডিআই বাহনত।AS01PC 1623 নাম্বাৰৰ ডি আই বাহনখনৰ পৰা জব্দ কৰা হয় এই ড্ৰাগছখিনি।
অৱশ্যে ড্ৰাগছ খিনি আৰক্ষীয়ে জব্দ কৰে যদিও চালকজন পলায় যাবলৈ সক্ষম হয়।কামৰূপৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয়, অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান।














