![]()
সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো ইছলাম ধৰ্মালম্বী লোক সকলে ঈদ উজ জোহা উলহু মালহেৰে পালন কৰে৷ ঈদজোহা উপলক্ষে ডিফু মছজিদ প্ৰাঙ্গনত আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷
পুৱা ৮ বজাত ডিফু জামে মছজিদত আলাহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীৰ ইমামতিত্বত ঈদ উজ্জোহাৰ ২ ৰাকাত ৱাজিব নামাজ আৰু খুতবা আদায় কৰা হয় ৷ নামাজৰ শেষত মৃতকৰ ৰূহৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমিয়ে কয়যে লকডাউনৰ বাবে বিগত ঈদৰ নামাজ সমূহ সমজূৱাকৈ আদায় কৰা নহল৷ এইবাৰ সমূহীয়াকৈ ঈদ উজ্জোহাৰ নামাজ আদায় কৰিবলৈ আল্লাহৰ ওচৰত কৃতজ্ঞতা জাপন কৰে৷ বিশ্ব শান্তিৰ লগতে ভাৰত , অসম আৰু কাৰবি আংলং ভাতৃত্ববোধ আৰু সম্প্ৰিতীৰ বাবে দোৱা মাগফেৰাত কৰে বুলি কয় ৷
ঈদৰ নামাজ আদায় কৰাৰ পিছত চৰকাৰী আইন অনুসৰি কুৰ্বাানি আদায় কৰা হব বুলি জানিবলৈ দিয়ে ইমাম গিয়াছ উদ্দিন কাছিমীয়ে ৷ নামাজৰ শেহত ইজনে সিজনক স্নেহালিংগন কৰি ঈদ উজ্জোহাৰ শুভেশ্ছা কৰা পৰিলক্ষিত হয় ৷












