![]()
মনত পৰেনে কাকীৰ পদূমপুখুৰী চি আৰ পি এফ জোৱান জনৰ গৃহত গছত লাগি থকা ডেৰলাখ টকীয়া আমটোৰ কথা।। নিশ্বই মনত আছে। উক্ত আমটো গাৱবাসী ৰাইজৰ লগত একেলগে কাটি খালে কাকীৰ পদূমপুখুৰী চি আৰ পি এফ জোৱান শত্ৰুুঘ্ন মুখীয়া পৰিয়ালে।
চি আৰ পি এফ জোৱান জনৰ পত্নীয়ে নিজহাতে কাটি গাওবাসীক দিলে আমটোৰ সোৱাদ।। গাৱৰ ৰাইজেও বিৰল প্ৰজাতিৰ আমটোৰ জুটি লবলৈ দিয়া বাবে শত্ৰুুঘ্ন মুখীয়া পৰিয়ালটোক দিলে আৰ্শীবাদ।
উল্লেখ যে, লংকা কাকীৰ পদুমপুখুৰী চি আৰ পি এফ জোৱান শক্ৰুঘ্ন মুখীয়ায়ে ২০২১ চনৰ আগষ্ট মাহত কলিকতাৰ এখন নাৰ্চাৰীৰ পৰা পোন্ধৰ শ টকাত কিনি আনিছিল জাপানৰ প্ৰজাতি EGG OF THE SUN নামৰ আম পুলিটো।৷জোৱানজনে নিজ গৃহৰ চাদৰ ওপৰত ৰুইছিল আমপুলিটো।
আমপুলিটোত লাগিছিল এটা আম৷। এই আমটোক লৈ প্ৰায় দুইমাহজোৰা উৎকণ্ঠা আছিল শত্ৰুুঘ্ন মুখীয়া পৰিয়ালৰ লগতে গাৱবাসী ৰাইজৰ মাজত।। অৱশেষত আহিল সেই দিনটো। পুৰঠ হল EGG OF THE SUN প্ৰজাতিৰ আমটো,আৰু ডেৰলাখ আমটো গাৱৰ ৰাইজৰ লগত লগে ভাগে খালে শত্ৰুুঘ্ন মুখীয়া পৰিয়ালে।












