![]()
আজি বিয়লি ডিফুত এক ভয়াবহ পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷ দুৰ্ঘটনাটো ইমানেই শিহৰণকাৰী আছিলযে, প্ৰত্যক্ষদৰ্শী সকলে মূল ঘটনা ধাৰণাই কৰিব নোৱাৰিলে ৷
ঘটনাস্থলীত থকা এজন কৰ্তব্যৰত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি ডিফুৰ পৰা মাঞ্জা অভিমুখে গৈ থকা দহ চকীয়া চিমেণ্ট ভৰ্তি ট্ৰাকে অসাৱধানবশত: আৰু তীব্ৰ বেগে আহি বিৰলা এফচিআই তিনি আলিত ডিফু দিশৰ পৰা খোজ কাঢ়ি আহি থকা এটি শিশুৰ সৈতে মহিলা এগৰাকী আৰু মাঞ্জাদিশৰ পৰা আহি থকা এন এল ০৭ আৰ ২৭৪৪ মটৰ চাইকেলৰ চালককো মহটিয়াই প্ৰায় দুই নলমান দুৰলৈ ঠেলি নিয়ে ৷
মটৰ চাইকেলৰ চালক, শিশু মটৰ চাইকেলৰ সৈতে ট্ৰাকখনৰ তলত আৱদ্ধ হৈ থিতাতে কৰুণ মৃত্যুক সাৱটি লয় ৷ পিছত দুৰ্ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপি এফৰ লোক উপস্থিতহৈ এখন জেচিবি আৰু কেৰেঙৰ সহায়ত প্ৰায় ডেৰঘণ্টা সময়জুৰি অভিযান চলাই শিশু, মটৰ চাইকেল চালক আৰু মহিলাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী উপাধ্যক্ষ (সীমান্ত) জে আৰ মালাকাৰে সাংবাদিকৰে সৈতে হোৱা বাৰ্তীলাপত কয়যে ঘটনা সন্দৰ্ভত এতিয়াও একো কব নোৱাৰি তদন্তৰ পিছত হে গম পোৱা যাব ৷ আনহাতে বাতৰি প্ৰস্তত কৰা পৰলৈকে মৃতদেহ তিনিটা চিনাক্ত কৰিব পৰা হোৱা নাই ৷ ঘটনাৰ সংঘটিত কৰি ট্ৰাক চালকজন পলায়ন কৰে ৷













