![]()
আজি পুৱাৰ ভাগত মাঞ্জাত নিচাযুক্ত কেপচুল সহ এজন লোকক আৰক্ষীয়ে আটক কৰা ঘটনা পোহৰলৈ আহিছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি মাঞ্জাত নিয়মীয়া নাকা তালাচী চলোৱা কালত ডিমাপুৰৰ পৰা লাংভুকু দিশে আহি থকা এনএল 07এম 6706 নম্বৰৰ মটৰ চাইকেলৰ চালকক তালাচী চলাই লেকজনৰ পৰা ৩০টা নিচাযুক্ত কেপচুল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
পিছত উপ আৰক্ষী অধীক্ষক জে আৰ মালাকাৰৰ উপস্থিতিত নিচাযুক্ত কেপচুল সমূহ জব্দ কৰা হয় ৷ এই সন্দৰ্ভত নিচাযুক্ত কেপচুল কেইটাৰ সৈতে আটক হোৱা নাগালেণ্ডৰ টুৱেনচাম জিলাৰ চাৰে নিৱাসী ইমনা চাংতামৰ পুত্ৰ টামচুবা চাংতামৰ বিৰুদ্ধে মাঞ্জা থানাত ১৩/২২ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













