![]()
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশংসনীয় পদক্ষেপ। বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ লগতে ড্ৰাগছ আসক্ত ব্যক্তিৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হয় এক সজাগতামূলক কাৰ্যসূচী।
৪৫ দিনীয়া উক্ত সচেতনতামূলক অভিযানৰ যোৱা ২৯জুন, ২০২২ তাৰিখে সফল সমাপ্তি ঘটে। অৱশ্যে আনুষ্ঠানিকভাৱে এই অভিযানৰ সমাপ্তি ঘটিলেও ডিজিটেলভাৱে জুলাই মাহৰ শেষলৈকে এই অভিযান অব্যাহত ৰখাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলে।
উক্ত অভিযানৰ কাৰ্যসূচী হিচাপে সামাজিক মাধ্যমৰ জৰিয়তে সজাগতা বৃদ্ধি, চাহ বাগিচাত সজাগতামূলকভিডিও আৰু চিনেমা প্ৰদৰ্শন, ৰাজহুৱা স্থানত পৰীক্ষামূলক কাৰ্যসূচী ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়।
আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে শিয়ালকোট চাহ বাগিচাত পৰীক্ষামূলকভাৱে চিনেমা প্ৰদৰ্শনৰ কাৰ্যসূচীও হাতত লয়।
উল্লেখ্য, সামাজিক পৰীক্ষাত জনসাধাৰণে গম নোপোৱাকৈয়ে দুজন শিক্ষাৰ্থীয়ে ড্ৰাগছ আসক্ত ব্যক্তিৰ অভিনয় কৰে। তাৰ পিছত তেওঁলোকৰ প্ৰতি ৰাইজৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰা হয়।
পিছৰ পৰ্যায়ত এখনি আলোচনা-চক্ৰও আয়োজন কৰা হয়। তাত ডিব্ৰুগড়ৰ আৰক্ষী অধিক্ষককে আদি কৰি মনোৰোগ চিকিৎসক, শিক্ষক, পুনৰ্বাসনৰ স’তে জড়িত অভিজ্ঞ ব্যক্তিসকল
উপস্থিত থাকে।
সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ মাজত থকা ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে তথা ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ
ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যসূচী হাতত লয়।













