![]()
সোমবাৰে হোজাইত বান পৰিস্থিতি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ কথা ব্যক্ত কৰে।
ৰাজ্যত বানত ক্ষতিগ্ৰস্ত হোৱা ১৮ হাজাৰ পৰিয়াললৈ ৩,৮০০ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে বানত সম্পূৰ্ণৰূপে বাসগৃহ ক্ষতি লোকক ৯৫ হাজাৰকৈ টকা দিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ইয়াৰোপৰি, ৩৫ কিলোমিটাৰ দীঘল মথাউৰি নিৰ্মাণ আৰু হোজাইত ৬ টাকৈ হাইলেণ্ডৰ নিৰ্মাণৰ বাবে নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তক।













