![]()
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে কাৰবি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত যথা সময়ত চুক্তিটোৰ দফা সমূহ সফল ৰূপায়ণকলৈ প্ৰথমবাৰৰ বাবে সংবাদমেল আয়োজন কৰি সংগঠন সংগঠন সমূহৰ নেতৃবৰ্গই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ছয় প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ এক্স ৰিভুল্যশ্বনেৰী ইউনাইটেড ফৰামৰ তৰফৰ পৰা এক সংবাদমেলৰ আয়োজন কৰি শান্তিচুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অহেতুক পলম কৰা বুলি অসন্তুষ্টি ব্যক্ত কৰে।
মঞ্চৰ নেতা ক্ৰমে পিডিলি, কংকাট টেৰণ, থং টেৰণকে ধৰি ভালেকেইগৰাকী নেতাৰ উপস্থিতিত সংবাদমেলৰ সম্বোধন কৰি প্ৰাক্তন বিদ্ৰোহী নেতাগৰাকীয়ে শান্তিচুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আছে বুলি মন্তব্য কৰি চুক্তি উল্লেখ কৰা অনুচ্ছেদ ২.২ ৰূপায়ণ কৰাৰ লগতে অনুচ্ছেদ ২.৩ অনুসৰি, পৰিষদৰ আসনৰ সংখ্যা বৃদ্ধি কৰি ৩৪ খন আসন পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষণ কৰা অনুচ্ছেদ ৩’৫ অনুসৰি কাৰবি আংলঙৰ বাহিৰত বসবাস কৰি থকা কাৰ্বি সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান ,৩’৬ অনুচ্ছেদ অনুসৰি কাৰবি আংলঙৰ বাহিৰত বসবাস কৰি থকা কাৰবি সকলৰ বাবে ওৱেলফেয়াৰ অট’নমাছ কাউঞ্চিলৰ দাবী জনায় ৷
ঠিক সেইদৰে শান্তি চুক্তিৰ ৪’৪ অনুচ্ছেদ অনুসৰি চুক্তি স্বাক্ষৰকাৰীৰ সংগঠন সমূহৰ কেডাৰ সকলক তিনি বছৰলৈকে মাহে ছয়হেজাৰ টকাকৈ ভাট্টা দিয়াৰ উল্লেখ কৰা হৈছিল ৷ যদিও এই ভাট্টা এতিয়ালৈকে মুকলি কৰি দিয়া হোৱা নাই ৷ অনুচ্ছেদ ৪’৫ অনুসৰি প্ৰাক্তন বিদ্ৰুোহী কেডাৰ সকলক পুণঃ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল যদিও এই সন্দৰ্ভত সংগঠন সমূহৰ সৈতে কোনো আলোচনা কৰা হোৱা নাই বুলি উল্লেখ কৰে ৷
উল্লেখযোগ্যযে, শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে চুক্তিখনৰ ৰূপায়ণৰ কাম দ্ৰুত গতিৰে সম্পন্ন কৰা হৈছিল বুলি সংগঠন কেইটাই কয় ৷ শান্চিচুক্তিৰ ফলত জিলাখনৰ পৰিৱেশ স্বাভাৱিক হোৱাৰ বাবেই জিলাখনলৈ প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অহাৰ পৰিৱেশৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকী দিলাখনলৈ আহি চুক্তিৰ আধাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে যদিও পৰৱৰ্তী সময়ত চুক্তি খনৰ দফা সমূহ কাৰ্যকৰী হোৱাত অযথা পলম হোৱা বুলি অসন্তুষ্টি প্ৰকাশ কৰে ৷
প্ৰাক্তন বিদ্ৰুোহী নেতা সকলক এতিয়ালৈকে কোনো ৰাজনৈতিকভাবে সংস্থান নকৰাত ক্ষোভ উজাৰি কয়যে চুক্তিৰ এবছৰ উকলি যোৱাৰ পিছত চুক্তিখনকলৈ মাত্ৰ এবাৰহে পুণৰীক্ষণ বৈঠক অনুষ্ঠিত হোৱাত আক্ষেপ প্ৰকাশ কৰে কেৰাফৰ নেতা সকলে ৷ ছয়টা উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চৰ কেৰাফৰ নেতা সকলে সংবাদমেলত কয়যে কেৰাফৰ নেতা সকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিব ৷












