![]()
মঙলবাৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদত মুঠ ২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে নিযুক্তি-পত্র প্ৰদান কৰে।
উক্ত অনুষ্ঠানত আজি নিম্ন প্রাথমিকত ১৯৩টা, উচ্চ প্রাথমিকত ৭৫টা আৰু উচ্চ প্রাথমিকৰ বিজ্ঞান শিক্ষকৰ ১২টা পদত নিযুক্তি দিয়া হয়। নিজৰ ভাষণ প্ৰসংগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে মুখ্যমন্ত্ৰীৰ সবল নেতৃত্ব আৰু সক্ষম নিৰ্দেশনাত এক বৈপ্লৱিক পৰিৱৰ্তন আহিছে।
যাৰ ফলত স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে শিক্ষক নিযুক্তি দিয়া হৈছে। তেওঁ নৱনিযুক্ত শিক্ষকসকলক ইতিবাচক চিন্তাৰে অনাগত দিনত শিক্ষাদানৰ বৃত্তিৰে ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।













