
অসম চৰকাৰৰ মঙলবাৰৰ নিৰ্দেশ অনুযায়ী ৰাজ্যৰ কেইবাখনো জিলাৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি ঘটোৱা হৈছে। নিৰ্দেশনা অনুযায়ী উক্ত জিলাকেইখনৰ উপায়ুক্তসকলৰ ৰদবদল কৰা হৈছে।
সেই অনুসৰি কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক কামৰূপৰ উপায়ুক্ত হিচাপে বদলি কৰাৰ বিপৰীতে কাছাৰৰ উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক।
আনহাতে, গোৱালপাৰাৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে খনীন্দ্ৰ চৌধুৰীক। বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰাৰ বিপৰীতে গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক পদলৈ বদলি কৰা হৈছে।
ইফালে কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিকক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰাৰ লগতে নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। আনহাতে, বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গক বৰপেটাৰ উপায়ুক্ত হিচাপে আৰু চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁৱৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।
ইফালে, গোসাঁইগাঁৱৰ এডিচি এম এম পাৰ্টিনক বাক্সাৰ উপায়ুক্ত, দক্ষিণ শালমাৰাৰ এডিচি লখিমী কুটুমক দক্ষিণ শালমৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে। একেদৰে পি ভি ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।













