![]()
সংসদৰ বৰ্ষাকালীন অধিবেশনৰ পূৰ্বে দেওবাৰে সর্বদলীয় বৈঠকৰ আহ্বান জনাইছে কেন্দ্রীয় চৰকাৰে। দেওবাৰে পুৱা ১১ বজাত উক্ত বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
উল্লেখ্য, আগন্তুক ১৮ জুলাইৰ পৰা সংসদত বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ কথা। ১৮ আগষ্ট পর্যন্ত চলিব এই অধিবেশন।
সূত্রৰ খবৰ অনুযায়ী, ভাৰত-চীন সীমান্তৰ বিষয়, অগ্নিপথ প্রকল্প, টকাৰ মূল্য পতনসহ একাধিক বিষয়ত সংসদৰ বৰ্ষাকালীন অধিবেশনত সৰৱ হ’ব পাৰে বিৰোধী। ইফালে বৰ্ষাকালীন অধিবেশনত কি কৌশল ৰচনা কৰা হ’ব, সেই লৈ যোৱা ১০ জুলাইত বৈঠকত বহিছিল এনডিএ।










