
সমগ্ৰ দেশতে পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। তাৰ মাজতে বিশেষজ্ঞসকলৰ আশংকা, যদিহে এতিয়াই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা নহয় তেন্তে পৰিস্থিতি পূৰ্বৰ ঢৌৰ দৰেই ভয়াৱহ হ’ব। ইয়াৰ মাজতে বুষ্টাৰ ভেকচিন সন্দৰ্ভত কেন্দ্ৰই এটা ডাঙৰ সিদ্ধান্ত লৈছে।
১৫ জুলাইৰ পৰা ১৮ বছৰৰ ওপৰৰ লোকক বিনামূলীয়াকৈ দিয়া হ’ব বুষ্টাৰ ড’জ। বুধবাৰে কেন্দ্ৰীয় কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অহা শুকুৰবাৰৰ পৰা কেন্দ্ৰই বিনামূলীয়াকৈ বুষ্টাৰ ড’জ প্ৰদান কৰিব।
কেবিনেট বৈঠকৰ পিছতে স্বয়ং কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই কথা ঘোষণা কৰে। তেওঁ কয় যে কেন্দ্রৰ আজাদী কা মহোৎসৱ কার্যসূচীৰ অধীনত বিনামূলীয়াকৈ বুষ্টাৰ ড’জ দিয়াৰ সিদ্ধান্ত লৈছে৷ অহা ৭৫ দিনলৈ বিনামূলীয়াকৈ দিয়া হ’ব টিকাকৰণ।
১৫ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ চলিব এই কাৰ্যসূচী। অৰ্থাৎ দুটা ড’জৰ পিছত তৃতীয়টো ড’জ বিনামূলীয়াকৈ দিয়া হ’ব। এতিয়ালৈকে ৬০ বছৰৰ ওপৰৰ আৰু সন্মুখৰ শাৰীত কাম কৰাসকলক কেন্দ্ৰৰ পৰা বুষ্টাৰ ড’জ দিয়া হৈছিল।










