![]()
দেশৰ পৰা পলায়ন কৰি মালদ্বীপত আশ্রয় লৈছে শ্রীলঙ্কাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষই।
বুধবাৰে তেওঁ পদত্যাগ কৰাৰ কথা থাকিলেও তেওঁ চৰকাৰীভাৱে জনোৱা নাই। এই পৰিস্থিতিত নতুন প্রধানমন্ত্রী ৰনিল বিক্রমাসিঙ্ঘ দেশৰ কার্যকৰী ৰাষ্ট্ৰপতি হৈছে। বুধবাৰে তেওঁ দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। ৰাজাপক্ষই দেশ এৰাৰ পিছতেই শ্রীলঙ্কাত বিক্ষোভ আৰু তীব্ৰভাৱে প্ৰজ্বলিত হৈছে।
ৰাজধানী কলম্বোসহ পশ্চিম শ্রীলঙ্কাত অনির্দিষ্টকালৰ বাবে কাৰফিউ জাৰি কৰা হৈছে। কলম্বোৰ ৰাজপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ দেখা গৈছে। ৰাজাপক্ষৰ ইস্তফাৰ দাবী তুলিছে তেওঁলোকে। বিক্ষোভকাৰীসকলক চম্ভালিবৰ বাবে কন্দুৱা গেছ এৰে আৰক্ষীয়ে। পানীহিলৈও ব্যৱহাৰ কৰা হয়।
প্রধানমন্ত্রীৰ বাসভৱনৰ সন্মুখত লগ হৈ বিক্ষোভকাৰীসকলে জোতা-চেন্দেল পর্যন্ত দলিয়ায়। প্রধানমন্ত্রীৰ বাসভৱনৰ দেৱাল পাৰ হৈ সোমায় বিক্ষোভকাৰীসকল। ইয়াৰ পিছত সেনা আৰু আৰক্ষীৰ লগত সংঘর্ষ হয় বিক্ষোভকাৰীসকলৰ।
সংসদৰ উদ্দেশ্যে সমদল উলিয়ায় বিক্ষোভকাৰীয়ে।কিন্তু ২০০ মিটাৰ আগতেই ততেওঁলোকক বাধা দিয়া হয়। বিক্ষোভকাৰীসকলে কোনো পধ্যেই বিচৰা নাছিল বিক্রমাসিঙ্ঘই ৰাষ্ট্ৰপতি পদত শপত গ্ৰহণ কৰাটো।
যাৱতীয় বিৰোধিতা উপেক্ষা কৰি তেওঁ শপত গ্ৰহণ কৰে। বৰ্তমান ৰাজাপক্ষই মালদ্বীপত আশ্রয় লৈছে। সেইফালে তেওঁলোকক সাদৰ অভ্যর্থনা জনোৱা হৈছে। খবৰ মতে ৰাজাপক্ষই ভাৰত চৰকাৰৰ সাহায্য লৈ দেশলৈ আহিব খুজিছিল।
ইয়াৰ পৰা অন্য কোনো দেশলৈ যোৱাৰ উদ্দেশ্য আছিল তেওঁৰ। অৱশ্যে ভাৰতৰ তৰফৰ পৰা এই দাবী সম্পূৰ্ণভাবে অগ্ৰাহ্য কৰা হৈছে। বিদেশমন্ত্রী এছ জয়শঙ্কৰে জনায় যে শ্রীলঙ্কাৰ অর্থনৈতিক সঙ্কটক লৈ ভাৰতো চিন্তিত। অন্য কোনো বিষয়ত ভাৰত নাই।










