![]()
জনৰোষৰ পৰা পৰিত্ৰাণ পাবলৈ দেশ এৰি পলায়ন কৰে শ্রীলঙ্কাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষই। প্রধানমন্ত্রী ৰনিল বিক্রমসিঙ্ঘই অস্থায়ীভাৱে ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ কৰাত বিক্ষোভকাৰীৰ একাংশৰ ভাবুকিৰ চিকাৰ হয় তেওঁ।
এই পৰিস্থিতিত আগন্তুক ২০ জুলাইত শ্রীলঙ্কাত নতুন ৰাষ্ট্ৰপতি নির্বাচন হ’ব বুলি বুধবাৰে জনাইছে দেশখনৰ সংসদৰ অধ্যক্ষ য়ুপা অবেবর্ধনে।
উল্লেখ্য, গোতাবায়াই দেশ এৰাৰ পিছত বুধবাৰে জৰুৰীকালীন অৱস্থা জাৰি কৰা হয় শ্রীলঙ্কাত। অশান্তি ৰোধ কৰিবৰ বাবে ৰাজধানী কলম্বোসহ বহু অঞ্চলত নানা বাধা-নিষেধ জাৰি কৰিছে আৰক্ষীয়ে।
অৱশ্যে সেয়া উপেক্ষা কৰি চলিছে বিক্ষোভ। গোতাবায়াই শ্রীলঙ্কা এৰি মলদ্বীপত আশ্রয় লোৱা বুলি শ্রীলঙ্কাৰ সংবাদ মাধ্যমৰ দাবী। অৱশ্যে এই বিষয়ে মলদ্বীপ চৰকাৰে এতিয়াও কোনো কথা জনোৱা নাই। অবেবর্ধনে বুধবাৰে দুপৰীয়া জনায় যে ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰি গৈছে গোতাবায়াই।
অবেবর্ধনে বুধবাৰে কয়, ‘‘সংবিধানৰ ৩৭(১) ধাৰা অনুযায়ী কার্যবাহী ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈছে প্রধানমন্ত্রী বিক্রমসিঙ্ঘই। ২০ জুলাইত হ’ব নতুন ৰাষ্ট্ৰপতি নির্বাচন।’’ কিন্তু আগন্তুক ২০ জুলাইত শ্রীলঙ্কাত নতুন ৰাষ্ট্ৰপতি নির্বাচনৰ ঘোষণা কৰিলেও কি পদ্ধতিত সেয়া হ’ব, সেই বিষয়ে জনোৱা হোৱা নাই।
কেৱল মাত্র সাংসদ-বিধায়কসকলেই নহয়, শ্রীলঙ্কাৰ ৰাষ্ট্ৰপতি নির্বাচনত ভোট দিয়ে দেশৰ প্রত্যেক নাগৰিকে। কিন্তু অতি কম সময়ৰ ভিতৰতে সেই আয়োজন কার্যকৰী কৰাটো অসম্ভৱ। এই ক্ষেত্রত সংবিধান সংশোধনৰ মাধ্যমেৰে নির্বাচিত জনপ্রতিনিধিসকলৰ ভোটত নতুন ৰাষ্ট্ৰপতি নির্বাচিত হ’ব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ একাংশৰ ধাৰণা।










