
বিহাৰত নিষিদ্ধ মাওবাদী সংগঠনৰ বিপুল পৰিমাণৰ কার্তুজ, বিস্ফোৰক আৰু অস্ত্র উদ্ধাৰ চিআৰপিএফৰ ‘কোব্রা’ বাহিনীৰ। সংবাদ সংস্থা এএনআইয়ে জনোৱা মতে, বুধবাৰে গয়া আৰু ঔৰঙ্গাবাদ জিলাৰ সীমান্তৰ অৰণ্যত তালাচী অভিযান চলাই উক্ত অস্ত্র আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।
উদ্ধাৰ হোৱা অস্ত্র আৰু বিস্ফোৰকৰ ভিতৰত আছে এটি একে চিৰিজৰ ৰাইফল, ৩০০ ৰাউণ্ডৰো অধিক গুলী, দেশীয় বন্দুক, ৬৫টা প্রেছাৰ বম্ব, ৪৪৬টা ‘চিৰিজ আইইডি’ (ইম্প্রোভাইজ্ড এক্সপ্লোচিভ ডিভাইচ), ১০১টা কৌটো বোমা (ক্যান আইইডি) আৰু ৪৯৫টা ডিটনেটৰ।
বিহাৰ আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা অস্ত্র আৰু বিস্ফোৰক নিষিদ্ধ চিপিআই (মাওবাদী) গ্রুপৰ সশস্ত্র শাখা ‘পিপলছ লিবাৰেচন গেৰিলা আর্মি’ (পিএলজিএ)-ৰ। ঔৰঙ্গাবাদৰ আৰক্ষী অধীক্ষক কান্তেশকুমাৰ মিশ্রই জনোৱা মতে, নির্দিষ্ট খবৰৰ ভিত্তিতেই দক্ষিণ বিহাৰৰ উক্ত অৰণ্য অঞ্চলত অভিযান চলোৱা হৈছিল। কোব্রা কমান্ডোক সহায় কৰে বিহাৰ আৰক্ষীয়ে।










