
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উন্মোচন কৰা নতুন ৰাষ্ট্ৰীয় প্রতীকৰ সিংহকেইটা ‘উগ্র’ বুলি অভিযোগ আনিছে বিরৰোধীয়ে। কিন্তু ৰাষ্ট্ৰীয় প্ৰতীকৰ স্রষ্টা এই বিষয়ত একমত নহয়। তেওঁ বৰং কৈছে, পুৰণি প্রতীকৰ সিংহকেইটাৰ সৈতে নতুনটিৰ সিংহৰ কোনো পার্থক্য নাই।
তেওঁৰ দাবী, পুৰণিটোৰেই নিখুঁত প্রতিকৃতি নতুন প্রতীকটো। বিৰোধীয়ে যি ছবি চাই এই অভিযোগ আনিছে সেয়া প্ৰকৃততে দৃষ্টি বিভ্রমৰ বাহিৰে আন একো নহয়।
ঔৰঙ্গাবাদৰ শিল্পী সুনীল দেওৰে আৰু আৰু জয়পুৰৰ লক্ষ্মণ ব্যাসে ৯৫০০ কেজিৰ ব্রঞ্জৰে নিৰ্মাণ কৰিছে নতুন সংসদ ভবন চেণ্ট্ৰেল ভিষ্টাৰ ওপৰত নৱ উন্মোচিত মূর্তিটি।
সুনীলক উক্ত মূর্তিটো নিৰ্মাণ কৰিব দিছিল চেণ্ট্ৰেল ভিষ্টাৰ আবণ্টন পোৱা টাটা প্রজেক্ট লিমিটেডে। প্রতীক সন্দৰ্ভত বিতর্কৰ মাজতেই সুনীলে এটি সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত তেওঁৰ মতামত জনাইছে।
তেওঁ কয়, ‘‘পুৰণি স্থাপত্যটৰ প্রতি পূর্ণ সন্মান জনায়ে নতুন প্রতীকটি নিৰ্মাণ কৰিছোঁ।’’ আনকি নতুন প্রতীক নিৰ্মাণৰ পূৰ্বে তাৰ ঐতিহাসিক তাৎপর্য সন্দৰ্ভত বিশদ গৱেষণা কৰা বুলিও জনায় সুনীলে। তেওঁৰ বক্তব্য, ‘‘মই এজন শিল্পী।
আৰু শিল্পী হিচাপে শিল্পৰ প্রতি যিমান উৎসৰ্গিত মনোভাব লাগে, মই সীমানখিনি দিছোঁ। তেনে সকলো স্থানলৈ গৈছোঁ, য’ত এই মূর্তিটি ইয়াৰ আগতে নিৰ্মাণ কৰা হৈছিল।










