![]()
উত্তৰ প্রদেশৰ সোনভদ্র অঞ্চলত দুজন সাংবাদিকক লক্ষ্য কৰি গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে। গুলীবিদ্ধ সাংবাদিক দুজন চিকিৎসাধীন। গ্রেপ্তাৰ হৈছে অভিযুক্ত।
বজাৰৰ ভিৰৰ মাজত দুজন সাংবাদিকক লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উঠিছে উত্তৰ প্রদেশৰ সোনভদ্র অঞ্চলত। গুলীবিদ্ধ সাংবাদিক দুজনক হস্পিটেলত ভর্তি কৰোৱা হৈছে। গ্রেপ্তাৰ কৰা হৈছে দুষ্কৃতীকাৰীক।
আৰক্ষী সূত্র মতে, কালিয়াৰি বজাৰ অঞ্চলত বাইকেৰে কেইজনমান দুষ্কৃতিকাৰী আহি দুজন সাংবাদিকক লক্ষ্য কৰি গুলীচালনা কৰে। সাংবাদিক দুজন এখন স্থানীয় সংবাদ-পত্রত কর্মৰত।
এই ঘটনা প্রসঙ্গত ষ্টেচন হাউছ অফিচাৰ (এছএইচও) প্রণব শ্রীবাস্তৱে কয়, ‘‘এখন হোটেলত বহি আছিল দুয়োজন সাংবাদিক শ্যামসুন্দৰ পাণ্ডে আৰু লাড্ডু পাণ্ডে। সেই সময়তেই বাইকেৰে আহি দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে।’’ অভিযুক্তকেইজনক চিনাক্ত কৰি গ্রেপ্তাৰ কৰা হৈছে।গুলীবিদ্ধ সাংবাদিক দুজনক বাৰাণসীৰ হস্পিটেলত ভর্তি কৰোৱা হৈছে।










