![]()
সাগৰৰ পাৰত খেলা কৰি আছিল দুটি সন্তানে। কিন্তু কোনে জানিছিল যে বিপদে অপেক্ষা কৰি আছে! হঠাৎ বিশাল ঢৌ আহি উটুৱাই লৈ গ’ল মহাৰাষ্ট্রৰ এজন ব্যক্তি আৰু তেওঁৰ দুটি সন্তানক। পিছত পুত্ৰ আৰু পিতৃৰ মৃতদেহ উদ্ধাৰ হ’লেও এতিয়াও নিখোঁজ ছোৱালীজনী।
ছচিয়েল মিডিয়াত এটি ভিডিও ভাইৰেল হৈছে। য’ত দেখা গৈছে, সমুদ্রৰ পাৰত দৌৰি আছে বহু পর্যটক। অন্য পর্যটকসকলৰ মতে ল’ৰা-ছোৱালী শ্রেয়স (৬) আৰু শ্রুতিৰ (৯) লগতে পত্নীক লৈ সমুদ্রৰ ঢৌ উপভোগ কৰি আছিল শশীকান্ত মহামানে (৪২)।
কিন্তু ঢৌৱে যে তিনিজনৰ প্রাণ কাঢ়ি নিব, সেয়া কোনে জানিছিল! জনা গৈছে যে পত্নী লগতে দুই সন্তানক লৈ কর্মসূত্রে ডুবাইত বাস কৰিছিল মহাৰাষ্ট্রৰ বাসিন্দা শশীকান্ত। ল’ৰা -ছোৱালীৰ লগতে পত্নীক লৈ ছুটিত প্রতিবেশী দেশ ওমানলৈ গৈছিল শশীকান্ত। দেওবাৰে গৈ তাত উপস্থিত হয় তেওঁলোক। ঘটনাটি ঘটে বুধবাৰে।
চকুৰ আগত স্বামী আৰু দুই সন্তানক অসহায়ৰ দৰে ডুবি যোৱা চাই থাকে পত্নীয়ে। সেইদিনা সমুদ্রৰ পাৰত ফুৰিবলৈ গৈছিল শশীকান্ত আৰু তেওঁৰ পৰিয়ালটো। সমুদ্রৰ উত্তাল ঢৌ সাগৰৰ পাৰত পৰিছিল। বুধবাৰে প্রচুৰ পর্যটক ঢৌৰ পানীত তিতিছিল। কোনোবাই ছবি তোলাত ব্যস্ত আছিল। পত্নী আৰু দুই পুত্ৰ-কন্যাক লৈ সমুদ্রৰ পাৰত থিয় হৈছিল শশীকান্ত।
হঠাৎ বিশাল এটা ঢৌ আহি পাৰত পৰে। সেই ঢৌত বহু কেইজন ছিটিকি পৰে। দুই সন্তানসহ শশীকান্তও ছিটিকি পৰে। কিন্তু পানীৰ সোঁতত পৰি দুই সন্তান তেওঁৰ হাতৰ পৰা এৰা খাই যোৱা দেখি শশীকান্তই সিহঁতক ধৰিবলৈ আগুৱাই যায়।










