![]()
দিল্লীৰ সমীপৰ আলিপুৰ অঞ্চলত এটা নিৰ্মাণ হৈ থকা গুদামৰ এখন প্ৰকাণ্ড দেৱাল খহি পৰাৰ ফলত ৫ গৰাকী শ্ৰমিক নিহত হোৱাৰ লগতে ৯ জন গুৰুত্বৰভাৱে আহত হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আহত সকলক লগে লগে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আহত দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
ইফালে ধ্বংসস্তূপৰ মাজত আন কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ থকাৰো আশংকা কৰা হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই দুৰ্ঘটনাক লৈ শোক ব্যক্ত কৰে আৰু নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে আহত সকলৰ চিকিৎসা আৰু সাহায্যৰ ক্ষেত্ৰত নিৰ্দেশ প্ৰদান কৰিছে।










