![]()
বৰষুণৰ আশঙ্কাত আগষ্টৰ পৰা বিয়াৰ তাৰিখ আগুৱাই জুলাইত কৰা হৈছিল। কিন্তু তাৰ পিছতো কোনো লাভ নহ’ল। অৱশেষত নৌকাত উঠি গ’ল দৰাৰ ঘৰলৈ যাব লগা হ’ল কইনা।বিয়াখন যাতে ভালে ভালে হৈ যায়, সকলো চেষ্টাই কৰিছিল দৰা-কইনাৰ পৰিয়ালে। কিন্তু লাভ নহ’ল।
প্রবল বৰষুণৰ ফলত বানৰ সৃষ্টি হ’ল। কইনা কিন্তু নাচোৰ বান্দা। লাল কঞ্জিভৰম শাৰী, গহনা পিন্ধি বহিল নৌকাত। লগত আত্মীয়-স্বজন। গন্তব্য দৰাৰ ঘৰ। উপকূলীয় অন্ধ্রপ্রদেশৰ কোনাসীমা জিলাৰ ঘটনা এয়া। ভিডিও ভাইৰেল।
কইনাৰ নাম প্রশান্তি। দৰা অশোক। ভিডিওত দেখা গৈছে, চাৰিও ফালে পানী থৈ নথৈ। বিয়াৰ সাজত নৌকাত বহি আছে কইনা। লগত তেওঁৰ আত্মীয়। বানবিধ্বস্ত উক্ত জিলাখনতেই থাকে দৰা। কইনা সপৰিয়ালে তালৈকে গৈছে। দৰাৰ ঘৰতেই হ’ব বিয়াৰ অনুষ্ঠান।
জানিব পৰা গৈছে যে বিয়াৰ কথা হৈছিল আগষ্টত, তেতিয়া বৰষুণ বাঢ়িব। এই আশঙ্কাত জুলাইতে বিয়াৰ দিন ধাৰ্য্য কৰে দুয়ো পৰিয়ালে। তাতো লাভ নহ’ল। ৩৬ বছৰ পিছত ভয়াৱহ বানৰ কবলত পশ্চিম গোদাবৰীৰ লগতে কোনাসীমা জিলা।
ভয়ঙ্কৰভাবে বাঢ়িছে গোদাবৰী নদী। ১৯৮৬ চনৰ পিছত গোদাবৰী এনেদৰে বিপদসীমা পাৰ কৰি প্রবাহিত হোৱা নাছিল। শুকুৰবাৰে বানবিধ্বস্ত অঞ্চলত পৰিদর্শন কৰিবলৈ যায় অন্ধ্রৰ মুখ্যমন্ত্রী জগনমোহন ৰেড্ডি।









