ASSAM TIMES POST,গোলাঘাটঃ নেৰানেপেৰা প্ৰবল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ৰাজ্যৰ অন্যান্য উপনৈসমূহৰ লগতে ধনশিৰিৰ জলপৃষ্ঠ বিপদসীমা অতিক্রমী ফেন ফুটুকাৰে ওফন্দি সম্প্ৰতি প্লাৱিত কৰিছে গোলাঘাট জিলাৰ অন্তৰ্গত চাৰিটা ৰাজহ চক্ৰ কাৰ্যালয়ৰ মুঠ ১০৯ খনকৈ গাঁও৷ নৈপৰীয়া ৰাইজৰ ঘৰ, বাৰী, খেতিপথাৰ, ধানৰ ভঁৰাল বানপানীত ডুব যোৱাৰ লগতে পোহনীয়া জীৱ-জন্তুৰ ব্যাপক ক্ষতি হৈছে৷ বৰ্তমানৰলৈকে জিলাখনৰ ১০৯ খন গাঁৱৰ মুঠ ১১৯১৭৯ জন লোক বানৰ কৱলত পৰাৰ বিপৰীতে ৫০৭০ হেক্টৰ কৃষি ভূমি এই বানত বুৰ গৈছে৷
ইয়াৰে ১৫ টা আশ্ৰয় শিবিৰত প্ৰায় আঢ়ৈ হাজৰোধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি জনা গৈছে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশই পানীত বুৰ যোৱাত উদ্যানখনৰ বন্যপ্ৰাণী সমূহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা বন্যপ্ৰাণীসমূহ বানৰ কৱলৰ পৰা হাত সাৰিবলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ কাৰ্বি আংলং দিশে গতি কৰোঁতে তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰাণ গৈছে সুগৰী পহু, হৰিণৰ। উল্লেখযোগ্য যে জিলাখনৰ গোলাঘাট ৰাজহ চক্ৰৰ কপোহুৱাটিং, বকলাই, মাউত গাঁও, খাৰজান, বকতিয়াল বচা গাঁও, ভাটৌবাৰীৰ লগতে বোকাখাট ৰাজহ চক্ৰৰ ৬৭ খুমটাই ৰাজহ চক্ৰৰ ২৩ দেৰগাঁও ৰাজহ চক্ৰৰ ১৮ খন ৰাজহ গাঁও এই বানত বুৰ গৈছে ।