![]()
ইডিয়ে আজি দিল্লীৰ ৩৫টা স্থানত আবকাৰী নীতিৰ দুৰ্নীতিৰ অভিযোগত অভিযান চলায়। এই সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইডিৰ বিষয়াই আজি অভিযুক্ত সমীৰ মহেন্দ্ৰুৰ ঘৰতো অভিযান চলায়। ৰাজধানীৰ উপৰি গুৰগাঁও, লক্ষ্ণৌ, হায়দৰাবাদ, মুম্বাই, বঙাইগাঁও আদিতো অভিযান চলি আছে।
এই সন্দৰ্ভত ছিছোদিয়াই কটাক্ষ কৰি কয়, “প্ৰথমে চিবিআইয়ে অভিযান চলাইছিল, কিন্তু একো পোৱা নগʼল। এতিয়া ইডিয়ে আক্ৰমণ কৰিছে। কিন্তু তেওঁলোকেও একো নাপাব। এয়া আচলতে অৰবিন্দ কেজৰিৱালৰ সৎ কৰ্ম বন্ধ কৰাৰ প্ৰয়াস। তেওঁলোকে CBI, ED ব্যৱহাৰ কৰক, তেওঁলোকে আমাৰ কাম বন্ধ কৰিব নোৱাৰে।”
উল্লেখ্য, আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰৰ অন্যতম অভিযুক্ত হৈছে ছিছোডিয়া। ইতিমধ্যে চিবিআইৰ বিষয়াই তেওঁৰ ঘৰত অভিযান চলাইছিল। ১৫ ঘণ্টা ধৰি চলে তালাচী। কিন্তু তাত কোনো উৎস বা প্ৰমাণ পোৱা নাই।











