ASSAM TIMES POST
গুৱাহাটীঃ যোৱা ২ নৱেম্বৰত দিল্লীৰ টিছ হাজাৰী আদালতৰ চৌহদত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত অধিবক্তাৰ আক্ৰমণৰ ঘটনাক তীব্ৰ বিৰোধিতা কৰিছে অসম আইপিএছ এছ’চিয়েচনে। এক বিবৃতিত এছ’চিয়েচনে কয় ‘দিল্লী আৰক্ষীৰ ওপৰত সংঘটিত আক্ৰমণ গৰিহণাযোগ্য। যিসকল আৰক্ষী শাৰীৰিকভাৱে অপদস্থ হ’ল, আমি তেওঁলোকৰ পক্ষত আছো। আমি আহত আৰক্ষীসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। তদুপৰি সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ দাবী জনালো।’ উল্লেখ্যযোগ্য যে এই ঘটনাটোক লৈ বৰ্তমানে আদালতত শুনানি চলি আছে।










