ASSAM TIMES POST
গুৱাহাটীঃ অসমত ২০২০ চনত ক্ৰিকেট একাডেমী স্থাপন কৰিব ফ্ৰেঞ্চাইজী ক্ৰিকেট দল ৰাজস্থান ৰয়েলছে। এই ঘোষণা কৰিছে ইয়াৰ সহ-গৰাকী মনোজ বাদালেয়ে। বুধবাৰে তেওঁ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰিয়েই এই ঘোষণা কৰে। ইয়াতে তেওঁ আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ দুখন খেল এই ষ্টেডিয়ামতে অনুষ্ঠিত হোৱাৰ নিশ্চিতি প্ৰদান কৰে। উল্লেখ্য যে এই সম্পৰ্কত ৰাজস্থান ৰয়েলছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বিচিচিআইৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে। ইফালে, মনোজ বাদালেৰ ষ্টেডিয়ামখন পৰিদৰ্শন কালত তেওঁক সংগ দান কৰে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলে।










