![]()
কাৰবি আংলং জিলাৰ মানজা থানাৰ অন্তৰ্গত লাংভুকু জলপ্ৰপাতত এগৰাকী যুৱক নিৰুদ্দেশ হোৱা ঘটনাই এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি শণিবাৰে লাংভুকু জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ পিচলি পৰে ডিমাপুৰৰ সুৰেশ চাকমা নামৰ ২৩ বছৰীয়া যুৱক এগৰাকী ৷
শনিবাৰে বিয়লি তিনি বজাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে.পৰিয়ালৰ লোকে কালিৰ পৰা যুৱক গৰাকীৰ সন্ধানত আছে যদিও আৰক্ষীক খবৰ দিয়া নাছিল ৷আজিহে মানজা থানাক জনাইছে নিৰুদ্দেশৰ যুৱকজনৰ নিৰুদ্দেশৰ খবৰ ৷
অৰুণ বিকাশ চাকমাৰ পুত্ৰ সুৰেশ চাকমাই আন তিনি গৰাকী বন্ধু আৰু দুই বান্ধৱী সহ শনিবাৰে আহিছিল লাংভুকুলৈ ৷ স্নাতক শেষান্ত পৰীক্ষা শেষ কৰিয়ে ডিমাপুৰৰ পৰা তেওঁলোক লাংভকুত উপস্থিত হৈছিল ৷ উষাৰ পিছতে উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে.













