![]()
অৱশেষত বহু প্ৰতিক্ষৰ অন্তত আজি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰম্পৰাগত ভিলেজ কাউন্সিলৰ সভাপতি-সম্পাদকসকলে লাভ কৰিলে আনুষ্ঠানিক নিযুক্তি-পত্ৰ । কাৰ্বি আংলং কাষ্টমাৰী ল’ বিভাগৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ বিধায়িনী বিভাগৰ সহযোগত আজি ডিফুৰ সমীপৰ তাৰালাংচ চিং মিৰ্জেং মঞ্চত আয়োজিত এক গম্ভিৰ্য্যপূৰ্ণ সভাত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰসমূহ বিতৰণ কৰে।

উক্ত আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত সাংসদ হৰেন সিং বে, বিধায়ক ক্ৰমে, বিদ্যাছিং ইঙলেং, দৰসিং ৰংহাং, পৰিষদৰ অধ্যক্ষ ৰাজু তিচ, পৰিষদৰ বহু কেইগৰাকী ইএম আৰু এমএচি উপস্থিত থাকে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বৰ্তালাপত চি ই এম ড: তুলিৰাম ৰংহাঙে মন্তব্য কৰে যে, ১৯৫২ চনৰ পৰা সংবিধানত সুবিধা থকা স্বত্বেও কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ভিলেজ কাউন্সিলৰ সুবিধা পোৱা নাছিল।

ইতিমধ্যে এইলৈ পৰিষদৰ কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ গ্ৰহণ কৰিব পৰিষদৰ অধিবেশনৰ জৰিয়তে সিদ্ধান্ত পাছ কৰি ৰাজ্যপালৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয়। ৰাজ্যপালৰ অনুমোদনৰ পিছত আজি ৩৫৭৫ গৰাকী পৰম্পৰাগত ভিলেজ কাউন্সিলৰ সভাপতি, সম্পাদকসকলক আনুষ্ঠানিক নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়।
এই সুবিধাৰ পিছত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ গাওঁসমূহত পৰম্পৰাগত ভিলেজ ক’ৰ্ট স্থাপন কৰি বিচাৰ প্ৰক্ৰিয়া এই ক’ৰ্ট তেই মীমাংসা কৰা হ’ব বুলি মন্তব্য কৰে । ভিলেজ কাউঞ্চিলৰ জৰিয়তে গাওঁসমূহৰ উন্নয়ন সাধন কৰাৰ লগতে ভিলেজ ক’ৰ্ট ৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পাদন হ’ব বুলি জানিবলৈ দিয়ে।












