![]()
মঙলবাৰে মাজনিশা হোৱা এটা ভূমিকম্পত নেপাল, দিল্লী আৰু উত্তৰ ভাৰতৰ চুবুৰীয়া কিছু অঞ্চল কঁপি উঠে। নেপালৰ এই ভূমিকম্পত ৬ জন লোকৰ মৃত্যু হয়। নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই দাবী কৰিছে যে নেপালক একেৰাহে তিনিবাৰকৈ জোকাৰি যায় ভূমিকম্পই। ভূমিকম্পৰ ফলত ঘৰ ভাঙি ৬ জন লোকৰ মৃত্যু।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, নেপালৰ দোটি জিলাত বিগত ২৪ ঘণ্টাত তিনিটাকৈ ভূমিকম্পৰ ফলত বহু ঘৰৰ ক্ষতিসাধন হৈছে। আহতৰ সংখ্যাও অধিক। নেপালৰ পূৰবিচৌকী গাঁৱৰ এজন স্থানীয় বিষয়াই জনোৱা মতে, অঞ্চলটোত বহু ঘৰৰ ক্ষতিসাধন হৈছে। নেপালৰ মণিপুৰত মঙলবাৰে নিশা প্ৰায় দুই বজাত এই কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩। মঙলবাৰৰ মাজনিশাৰ এই ভূমিকম্পৰ উৎস নেপাল।
এনচিএছৰ তথ্য অনুসৰি, এই উৎসটো মাটিৰ পৰা দহ কিলোমিটাৰ তলত আছিল। ভাৰতৰ বিভিন্ন প্ৰান্তত কেইবা ছেকেণ্ডৰ বাবে কম্পন অনুভৱ কৰা হৈছিল। দিল্লীকে ধৰি চুবুৰীয়া অঞ্চল আৰু উত্তৰ প্ৰদেশৰ কিছু অংশৰ বাসিন্দাসকলেও এই কঁপনি অনুভৱ কৰে।
মঙলবাৰে পুৱা ভূমিকম্পৰ ফলতো নেপাল কঁপিছিল। সেই সময়ত কম্পনৰ মাত্ৰা আছিল ৪.৫। কাঠমাণ্ডুৰ পৰা ১৫৫ কিলোমিটাৰ উত্তৰ-পূৱে ১০ কিলোমিটাৰ গভীৰতাত আছিল এই ভয়ংকৰ কেন্দ্ৰ। আনকি নিশা ৯ বজালৈকে নেপাল কঁপি আছিল। তেতিয়া ইয়াৰ মাত্ৰা আছিল ৪.৯। ইয়াৰ উৎস আছিল নেপাল সীমান্তৰ ওচৰত ১০ কিলোমিটাৰ গভীৰত। পাঁচ ঘণ্টাৰ ব্যৱধানত পুনৰ কঁপি উঠে নেপাল।











