![]()
মঙলবাৰে পুৱা প্ৰায় ২ বজাত হোৱা ভূমিকম্পই নেপাল, দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও অঞ্চল জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩। ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅʼলজিৰ ভূ-পদাৰ্থবিজ্ঞানী অজয় পালে ভৱিষ্যতে ভূমিকম্পৰ কোনো সম্ভাৱনা আছেনে নাই সেই বিষয়ে গৱেষণা কৰিছে।
তেওঁ কয় যে হিমালয়ৰ চুবুৰীয়া অঞ্চলত ভৱিষ্যতে ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে। তেওঁ কয়, “ভাৰত আৰু ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষৰ ফলত হিমালয়ৰ জন্ম হৈছিল। ইউৰেছিয়ান প্লেটে ভাৰতীয় প্লেটৰ ওপৰত হেঁচা মাৰি ধৰি থকাৰ লগে লগে কম্পন হয়। সেই অঞ্চলত ভূমিকম্প হোৱাটো অতি স্বাভাৱিক।”
তেওঁ কয়, “অৱশ্যে যি ভূমিকম্প হʼব, সেই ভূমিকম্পৰ প্ৰাবল্য সাত বা তাতকৈ অধিক হʼব। কিন্তু কেতিয়া হʼব সেয়া নিৰ্দিষ্ট কৰাটো সম্ভৱ নহয়। এমাহৰ পিছত বা আগন্তুক ১০০ বছৰৰ ভিতৰতো হʼব পাৰে। সেয়ে অঞ্চলবাসীক নিয়মিতভাৱে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন, যাতে প্ৰচণ্ড কম্পনৰ মাজতো নিজকে সুৰক্ষিত ৰাখিব পাৰে।”
তেওঁ কয় যে জাপানো ভূমিকম্প প্ৰৱণ অঞ্চল। কিন্তু তাত থকা লোকসকলে সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে ভাৰতৰ তুলনাত ক্ষতিৰ পৰিমাণ কম। ভূ-পদাৰ্থ বিজ্ঞানীসকলে অনুমান কৰিছে যে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত ভূমিকম্পৰ সম্ভাৱনা বেছি।











