![]()
আজি নলবাৰী (Nalbari)ত মুখ্যমন্ত্ৰীয়ে উদ্বোধন (Inauguration) কৰিলে প্ৰথমটো 3D তাৰকাগৃহ (planatorium)। লগতে জিলাখনত আনকেইবাটাও প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ ভিতৰত হৈছে উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ, উদ্যান শস্য গৱেষণা মহাবিদ্যালয়, সংহত উপায়ুক্ত কাৰ্যালয় পৰিসৰৰ আধাৰশিলা স্থাপন।

আজি মুখ্যমন্ত্ৰীয়ে নলবাৰীত মুঠ ১২টা প্ৰকল্পৰ শিলান্যাস তথা শুভ উদ্বোধন কৰে। মুঠ ৬৮০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পসমূহে নলবাৰী জিলাৰ ৰাইজৰ আকাংক্ষা বহু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি নিজৰ ভাষণত ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে৷
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কেবিনেট মন্ত্ৰী অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, ৰণজিৎ কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল।













