![]()
ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। কি ৰাতি কি দিন সকলো সময়তেই একেই। জাকে জাকে বনৰীয়া হাতীয়ে নিদ্ৰা হৰন কৰিছে জনসাধাৰণৰ। পাৰ্বত্য জিলা পশ্চিম কাৰ্বিআংলং (West KarbiAnglong) জিলাৰ অন্তৰ্গত খেৰনী (Kherni) আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন ন-ঘৰৱা গাঁও, জাম পথাৰ, মাজ গাঁও আদি অঞ্চলত বিগত এমাহ ধৰি বনৰীয়া হাতীৰ (Wild elephants) এটা বৃহৎ জাকে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। শ শ বিঘা কুহিয়াৰ খেতি, ধান খেতি, তামোলৰ বাগান আদি তহিলং কৰাৰ ওপৰিও বিদ্যালয় গৃহ, মানুহৰ আবাসগৃহ আদিও ভাঙি লণ্ড ভণ্ড কৰে।

যোৱা নিশাও প্ৰায় এশ জনীয়া এই বনৰীয়া হাতীৰ জাকটোয়ে গাঁওসমূহত প্ৰবেশ কৰি বহু হেক্টৰ কৃষিভুমি বিনষ্ট কৰাৰ লগতে ৬টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।হাতীৰ জাকটয়ে দিনৰ ভাগত কুহিয়াৰ খেতিৰ মাজতে আশ্ৰয় লৈ নিশা জনাঞ্চলত প্ৰবেশ কৰে। খেৰনীৰ বনকৰ্মীসকলে এতিয়ালৈ বনৰীয়া হাতী জাকটো দূৰলৈ খেদি পথাবলৈ সক্ষম হোৱা নাই।












