![]()
কুলাজান-বগীবিল পথৰ টঙালি দলঙৰ সমীপত শনিবাৰে নিশা ৬.৩০ মান বজাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা Accident সংঘটিত হয়। চিলাপথাৰ দিশৰ পৰা ডিব্ৰুগড় অভিমুখী AS-06-BC-3385 এখন ট্ৰেভেলাৰ আৰু বিপৰীত দিশৰ পৰা অহা AS-06-V-1512 নম্বৰৰ হিৰো চুপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেলৰ মাজত এই পথ দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাত দুই বাইক আৰোহীৰ থিতাতে নিহত হোৱাৰ বিপৰীতে ট্ৰেভেলাৰত থকা ১০ গৰাকী যাত্ৰী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি, ট্ৰেভেলাৰত থকা ১০ গৰাকী যাত্ৰী চৰাইদেউ জিলাৰ সোণাৰীৰ এটা দলে চিমেন চাপৰিত বনভোজ খাই উভতাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়।
অৱশ্যে, বৰ্তমান পৰ্যন্ত দুই বাইক আৰোহীৰ পৰিচয় পোৱা হোৱা নাই। ঘটনাস্থলীত ডাম্বুক আৰু চিলাপথাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।













