![]()
ভাৰতৰ India ভূখণ্ডত পুনৰ উদ্ধাৰ পাকিস্তান Pakistan ৰ ড্ৰোন। ড্ৰোনখনত ১ কেজি ড্ৰাগছ আছিল। সোমবাৰে ভাৰত-পাক সীমান্তৰ পঞ্জাবৰ গুৰদাসপুৰ অঞ্চলত বি এছ এফ BSF ৰ জোৱানে জব্দ কৰে ড্ৰোনখন।

বিএছএফৰ এজন জোৱানে কয়, “গুৰদাসপুৰৰ কাছৱালত আমাৰ ঘাটিৰ পৰা ২ কিলোমিটাৰ দূৰত এখন পুৰণি ভঙা ‘হেক্সাকপ্টাৰ‘ ড্ৰোন উদ্ধাৰ কৰা হৈছে। তাত ১ কেজি ওজনৰ হেৰোইন উদ্ধাৰ কৰা হয়।” সোমবাৰে দিনৰ ১ বজাৰ ওচৰত যেতিয়া কৃষকসকলে অঞ্চলটোত খেতি কৰিবলৈ যায় তেতিয়া তেওঁলোকে ড্ৰোনখন ড্ৰাগছসহ উদ্ধাৰ কৰে। ইয়াৰ পিছত খেতিয়কসকলে বি এছ এফৰ জোৱানসকলক খবৰ দিয়ে। বি এছ এফে ড্ৰোনখন পোৱাৰ লগে লগে জব্দ কৰে।
বছৰৰ শেষত সীমান্ত অঞ্চলত প্ৰৱেশ কৰে পাকিস্তানী ড্ৰোন। সেনা সূত্ৰৰ মতে, ২০ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত পঞ্জাবৰ অমৃতসৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশ কৰিছিল। বুধবাৰে পুৱা পুনৰ একে অঞ্চলতে দেখা গʼল ড্ৰোন। ড্ৰোনখনত ক্ষন্তেকতে বি এছ এফে গুলী নিক্ষেপ কৰে।
উল্লেখ্য, ২০২২ চনত সীমান্তৰ সেইফালে পাকিস্তানৰ ড্ৰোন যাতায়াত বৃদ্ধি পাইছে। চলিত বৰ্ষত এতিয়ালৈকে ২৩০খন পাকিস্তানী ড্ৰোন চিনাক্ত কৰিছে সেনাই। ২০২১ চনত এই সংখ্যা আছিল ১০৪। ২০২০ চনত এই সংখ্যা আৰু কম আছিল, ৭৭।
২০২০ চনৰ পৰা ২০২২ চনৰ অক্টোবৰ মাহলৈকে কেৱল পঞ্জাবতে ২৯৭ টা ড্ৰোনৰ গতিবিধি দেখা গৈছে। পঞ্জাবৰ বাহিৰেও গুজৰাট, জম্মু, ৰাজস্থানত পাক ড্ৰোনৰ উপস্থিতি পৰ্যবেক্ষণ কৰা হৈছে। সেনাৰ তথ্য অনুসৰি, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে এই ড্ৰোনসমূহৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰে।












