![]()
এতিয়াৰে পৰা দেশৰ জনসাধাৰণে উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু নিৰ্দেশনাসমূহ (Supreme Court verdict) মাতৃভাষাত পঢ়িব পাৰিব (can read in your mother tongue)। অহা ২৬ জানুৱাৰীত দেশৰ গণৰাজ্য দিৱসৰ পৰা আৰম্ভ হʼব এই ব্যৱস্থা। বুধবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ (Chief Justice DY Chandrachud) এই ঘোষণা।

চলিত বৰ্ষৰ আৰম্ভণিতে ২ জানুৱাৰীত দেশৰ উচ্চতম ন্যায়ালয়ে ‘ই-এছচিআৰ’ নামৰ এক পদক্ষেপ আৰম্ভ কৰিছিল। এই ব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ যিকোনো ৰায় অনলাইনত পঢ়িব পৰা যাব। কিন্তু যিহেতু এতিয়ালৈকে সকলো ৰায় ইংৰাজীত লিখা হৈছে, সেয়েহে বহুভাষিক ভাৰতৰ বহু লোক সমস্যাৰ সন্মুখীন হোৱা বুলি উচ্চতম ন্যায়ালয়ে অনুভৱ কৰিছে।
সেয়েহে উচ্চতম ন্যায়ালয়ে দেশৰ সংবিধানত নিৰ্ধাৰিত সকলো আঞ্চলিক ভাষাত ৰায়দানৰ বাবে এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ন্যায়াধীশ এ এছ ওকাৰ নেতৃত্বত এই ৬ জনীয়া কমিটীয়ে অনুবাদৰ বিষয়টো চাব।
অৱশ্যে এই সুবিধা বৰ্তমান দেশৰ সকলো ভাষাতে উপলব্ধ নহʼব। এই পৰ্যন্ত ৩৪ হাজাৰ গোচৰ উচ্চতম ন্যায়ালয়ৰ অনলাইন পোৰ্টেলত ৰখা হৈছে। ইয়াৰে ১০৯১টা গোচৰ বৰ্তমান আঞ্চলিক ভাষালৈ অনুবাদ কৰা হৈছে। প্ৰথম অৱস্থাত এই সুবিধা হিন্দী, তামিল, গুজৰাটী আৰু উড়িয়া ভাষাত উপলব্ধ হʼব। অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অচিৰেই আন আঞ্চলিক ভাষাতো একে সুবিধা উপলব্ধ হʼব।
মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ ভাষণত কয় যে ইতিমধ্যে উড়িয়া ভাষাত ২১টা, মাৰাঠাত ১৪টা, অসমীয়াত ৪টা, গাৰোত ১টা, কানাড়াত ১৭টা, মালয়ালমত ২৯টা ৰায় অনুবাদ কৰা হৈছে। অতি সোনকালে আন ভাষাৰ বাবেও এই অনুবাদ কৰা হʼব বুলিও তেওঁ কয়।










