![]()
তুৰস্ক (Turkey) আৰু ছিৰিয়াত (Syria) ভূমিকম্পৰ (Earthquake) ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। সেই সংখ্যা এতিয়া ৩৮০০ অতিক্ৰম কৰিছে। চৰকাৰী হিচাপ অনুসৰি, এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ সময়লৈকে দুয়োখন দেশত ভূমিকম্পৰ প্ৰভাৱত ৩৮৩০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ২৩৭৯ জন লোকৰ মৃত্যু হৈছে কেৱল তুৰস্কত। ছিৰিয়াত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৩৬ জনলৈ বৃদ্ধি পাইছে। দুয়োখন দেশতে আহত হোৱা লোকৰ সংখ্যা কেইবা হাজাৰ। মৃতকৰ সংখ্যা তীব্ৰভাৱে বাঢ়িছে।

তুৰস্কৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে জনোৱা মতে, দেশখনত কমেও ৫৬০৬টা ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হৈছে। আশংকা কৰা হৈছে যে এতিয়াও বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ আছে। একে সময়তে দুয়োখন দেশৰ প্ৰশাসনে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে দেশ দুখনলৈ সহায়ৰ হাত আগবঢ়াইছে।
মৃত্যুপুৰীত পৰিণত হোৱা দেশ দুখনৰ ভূমিকম্পৰ পিছত আৰম্ভ হৈছে হাহাকাৰ। প্ৰাণৰক্ষা আৰু আপোনজনক বিচাৰি উলিওৱাৰ হেঁপাহ। কিছুমান পৰিয়ালৰ শোক কৰিবলৈও কোনো জীয়াই থকা সদস্য নাই। ভূমিকম্পত বিধ্বস্ত দেশ দুখনৰ চিকিৎসালয়ত শাৰী শাৰী মৃতদেহ। চাৰিওফালে কেৱল কান্দোনৰ ৰোল। আনকি এদিন পূৰ্বৰ বহুমহলীয়া অট্টালিকাবোৰ সোমবাৰৰ ভূমিকম্পৰ পিছত কংক্ৰিট আৰু ষ্টীলৰ ৰডৰ ধ্বংসাৱশেষলৈ পৰিণত হয়।

ছিৰিয়াৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, দেশখনত নিহত হোৱা ১১৩৬ জন লোকৰ ভিতৰত ৭১১ জন চৰকাৰী নিয়ন্ত্ৰিত অঞ্চলত আছে। ইয়াৰে অধিকাংশই আলেপ্পো, হামা, লাটাকিয়া আৰু টাৰ্টাছ অঞ্চলত আছে। তদুপৰি ছিৰিয়াৰ প্ৰতিৰক্ষা সংস্থা “হোৱাইট হেলমেট” নামৰ সংগঠনটোৱে কয় যে ছিৰিয়াৰ চৰকাৰ বিৰোধী অঞ্চলত ৭৪০ জন লোকৰ মৃত্যু হৈছে।
উল্লেখ্য, সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৪ বজাত তুৰস্ক আৰু ছিৰিয়াৰ বৃহৎ অঞ্চল জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ গতি ৭.৮। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দক্ষিণ তুৰস্কত। গাজিয়ানেপ প্ৰদেশৰ পূৱ অংশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূৱে মাটিৰ তলত প্ৰায় ১৮ কিলোমিটাৰ। প্ৰথম ভূমিকম্পৰ ১১ৰ পৰা ১৫ মিনিট পিছত দ্বিতীয়টো কম্পনে লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছৰ কিছু অংশ কঁপাই পেলায়।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ (USGS) তথ্য অনুসৰি, এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭। ইয়াৰ কম্পন প্ৰায় ডেৰ মিনিটমান অনুভৱ কৰা হৈছিল। কঁপনিৰ বাবে অট্টালিকা আৰু ঘৰবোৰ তাচৰ ঘৰৰ দৰে ভাঙিবলৈ ধৰে। এই জোকাৰণিত ছিৰিয়া আৰু তুৰস্কৰ বিশাল অঞ্চল আৰু দুবাৰকৈ জোকাৰি যায়। ফলত বিপদ বাঢ়ি যায়।
১৯৩৯ চনৰ পিছত তুৰস্কত এইটোৱেই প্ৰথম এনে প্ৰবল কম্পন অনুভৱ কৰা হৈছে। ইউ এছ জি এছৰ বাতৰি অনুসৰি, সেই বছৰতো তুৰস্কৰ ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। এৰজিনকান প্ৰদেশত হোৱা ভূমিকম্পত ৩৩ হাজাৰ লোকৰ মৃত্যু হয়। যোৱা ২৫ বছৰত তুৰস্কত ৭ বাৰ ৭ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছে।











